La Fête du Muguet
La Fête du Muguet |
বুলেভা দু মোঁপাৰনাছ (Boulevard du Montparnasse) ৰ ক্ষেত্ৰলৈয়ে
যোৱাটো ঠিক কৰিলোঁ। ৰিপ্লাবিক ষ্টেচনত মেট্ৰ’ ট্ৰেইনত উঠি অলপ পিছতেই মোঁপাৰনাছ গৈ
পালোগৈ । আগদিনাখনো তালৈ গৈছিলোঁ যদিও সন্ধিয়া পলম হৈ যোৱা বাবে সমাধিক্ষেত্ৰত
প্ৰৱেশ কৰিব পৰা নাছিলোঁ। সমাধিক্ষেত্ৰত প্ৰৱেশ কৰিয়েই বিচাৰি গৈছিলোঁ এসময়্ত আমাৰ চিন্তা-চেতনা আৰু হৃদয়ক আলোড়িত কৰা বিখ্যাত
ফৰাচী চিন্তাবিদ তথা নাৰীবাদী লেখিকা ছিমন দি বুভোৱাৰ সমাধিস্থললৈ
। এখন হাতত কলম লৈ আৰু আনখন হাতত চিগাৰেট জ্বলাই যিয়ে
সৃষ্টি কৰিছিল চিন্তাৰ এক নতুন তৰংগ – the Second Sex নামৰ বিখ্যাত গ্ৰন্থখন । তেওঁৰ সমাধিৰ লগতে আছে ওৰেটো
জীৱনৰ জীৱনসংগী তথা ফৰাছী চিন্তাবিদ ছিমন দি বুভোৱাৰৰ সমাধি-স্তম্ভত দেখিছিলোঁ ওঁঠৰ পৰশৰ অসংখ্য চিন। শুভাকাংক্ষীসকলে তাত চুমা
আঁকি থৈ যায় আৰু থাকি যায় লিপষ্টিকৰ ৰঙীন দাগবোৰ । মইয়ো খালী ওঁঠেৰেই চুমা এটা
আঁকি দি সমাধিত অৰ্পন কৰিছিলোঁ মোৰ হাতত থকা মুগেট ফুল এপাহ,
যিপাহ ফুল পুৱা লাভ কৰিছিলোঁ বাংলাদেশী দোকানীজনৰ পৰা । সমাধিৰ কাষত কিছুসময় বহি
সময়চোৱা অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ । মনত পৰিছিল বাংলাদেশৰ যুক্তিবাদী লেখক
হুমায়ুন আজাদলৈ – যি ছিমন দি বুভোৱাৰৰ ‘দি ছেকেণ্ড ছেক্স’ গ্ৰন্থখন বাংলাত অনুবাদ কৰিছিল
‘দ্বিতীয় লিংগ’ নামেৰে আৰু সেই কিতাপৰ আঢ়িতে নিজে লিখি উলিয়াইছিল ‘নাৰী’ নামৰ
কিতাপখন । যিখন কিতাপ বহুবছৰলৈ বাংলাদেশত নিষিদ্ধ হৈ আছিল। ২০১৫ চনত দূৰ্গা পূজা
চাবলৈ বুলি ঢাকালৈ যাওঁতে দুয়োখন কিতাপ তাৰ পৰা সাংগ্ৰহ কৰিছিলোঁ ।
ছিমন দি বুভোৱাৰৰ সমাধি-স্তম্ভত লিপষ্টিকৰ ৰঙীন দাগবোৰ |
চাৰে বাৰ বাজিবলৈ পোন্ধৰ মিনিট সময় বাকী আছিল। মে’ দিৱসৰ প্ৰতিবাদত অংশগ্ৰহণ
কৰিবলৈ আছিল । ইমান ডাঙৰ পেৰিছখনত এতিয়া কোনফালে যাওঁ বুলি ছিমন দি বুভোৱাৰ
আৰু মোঁপাৰনাছৰ বাছ-ষ্টেণ্ডৰ
ফালে আগবাঢ়ি গৈছিলোঁ । পাঁচমিনিটমান খোজ
কঢ়াৰ পিছতেই হঠাৎ গৈ ওলাছিলোঁ এক বিশাল জন-সমাগমৰ মাজত । ৰাস্তাৰ যিফালে চাওঁ সিফালেই
মানুহেই মানুহ । ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী সকলো বয়সৰ লোক। বেছিভাগেই আছিল অৱশ্যে
যুৱক-যুৱতী । ৰং-বিৰঙৰ বেনাৰ-পোষ্টাৰ, বেলুন, বাজ্না,
ড্ৰাম-পেঁপা কতো যে কি ! প্ৰতিবাদী জনগনৰ এক উৎসৱমুখৰ পৰিৱেশ । আনহাতে বাটৰ
দুয়োকাষে সুসজ্জিত পুলিচৰ পাৰ হ’ব নোৱাৰা বেৰিকেড । এবাৰ যিয়ে ভিতৰত সোমাল তেওঁক
আৰু পুলিচে বাহিৰত ওলাব নিদিয়ে । ভিৰৰ ভিতৰত মইয়ো সোমাই পৰিলোঁ আৰু ক্ৰমান্বয়ে আৰম্ভ
হ’ল প্ৰতিবাদী মিছিলৰ ধীৰ যাত্ৰা । কোনফালে গৈ আছিলোঁ
প্ৰথমে ধৰিব পৰা নাছিলোঁ।
প্ৰায় ছঘন্টা দীঘলীয়া আছিল সেই সমদল । বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰতিবাদী জনগণ আহিছিল তাত অংশগ্ৰহণ কৰিবলৈ । দেখিছিলোঁ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা আদিৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বিভিন্ন অংশগ্ৰহণকাৰী। হাতত তেওঁলোকৰ বিভিন্ন দাবী, বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ । ৰঙা, নীলা, হালধীয়া, গুলপীয়া কত যে ৰঙৰ পতাকা। শ্ৰীলংকাৰো এটা প্ৰতিনিধি দলক অংশগ্ৰহণ কৰা দেখিছিলোঁ। আহিছিল অন্তৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ অনেক ডেকা-ডেকা মহিলা-পুৰুষ সাংবাদিক। তেওঁলোকৰ পোচাক আৰু সা-সৰঞ্জামবোৰ দেখি এনে লাগিছিল যেন সেয়া মধ্য-পূৱ এছিয়াৰ কোনোবা ঠাইৰ সমৰ-ক্ষেত্ৰহে! তেওঁলোকৰ লগে লগে মইয়ো সময়ে সময়ে ভিডিও কৰি গৈছিলোঁ প্ৰতিবাদৰ বিভিন্ন মুহূৰ্তৰ । ইচ্ছুক পাঠকে YouTube ৰ আমাৰ চেনেল Luitporia Traveller ত সেইদিনাখনৰ দৃশ্যৰ কিছু আভাস নিশ্চয় পাব ।
সমদলৰ কিছুমান শ্ল’গান অছিল এনেধৰণৰ – Stop Macron, Free Lula, Merci Wikileaks, Free Juian Assange, RIC - for a true democracy, Climate Justice, Social Justice, Free Abdul Ocalan, the voice of sovereign people, Long live freedom, Long live socialism, Down with the regime of the Islamic Republic of Iran আদি । ইউজিন ডেলাক্ৰোৱাৰ বিখ্যাত Liberty- Leading the people ৰ আৰ্হিত অঁকা এখন বিশালকায় পেইন্টিং মিছিলৰ আগে আগে টানি লৈ যোৱা হৈছিল। (ডেলাক্ৰোৱাৰ প্ৰকৃত পেইন্টিংখন আগদিনাখন লুভ মিউজিয়ামত চাই আহিছিলোঁ।) তাৰ তলত ডাঙৰ ডাঙৰ আখৰত লিখা আছিল - Corrupt Republic. France deserves better than mafia networks. এইদৰে গণতান্ত্ৰিক আৰু অহিংসভাৱে আগবাঢ়ি থকা প্ৰতিবাদৰ মাজতে Yellow Vest ৰ সদস্য আৰু চৰমপন্থী অদৰ্শৰ কিছুমান প্ৰতিবাদকাৰীয়ে মিছিলত হিংসাৰ আশ্ৰয় লোৱাও দেখা গৈছিল । পেট্ৰ’ল বোমা নিক্ষেপ কৰি জ্বলাই দিয়া হৈছিল বাটত থকা বাইক, চাৰিচকীয়া বাহন আদি আৰু শিল-পাত্থৰ দলিয়াই ভাঙি পেলোৱা হৈছিল তিনি তলা বিল্ডিঙৰ বেংক এটাৰ আইনাৰ দুৱাৰ-খিড়িকীবোৰ । পুলিচৰ বাধাৰ মাজতে, চকুৰ আগতে ঘটিছিল এই ঘটনাবোৰ । পুলিচেও খেদি সোমাই গৈছিল প্ৰতিবাদী ভিৰত আৰু টানি-চোঁচৰাই ধৰি নিছিল কিছুমান প্ৰতিবাদীক । মাজে মাজে পুলিচৰ ফালৰ পৰা ক্ৰন্দক গেছ আৰু জল-প্ৰবাহো নিক্ষেপ কৰা হৈছিল। ক্ৰন্দক গেছৰ ধোঁৱা লাগি এবাৰ মোৰ চকুৰ পৰা ধাৰাষাৰ পানী বৈ আহিছিল। ক্ৰন্দক গেছৰ সন্মুখীন হোৱা প্ৰথম অভিজ্ঞতা আছিল সেয়া, তাকো বিদেশৰ ভূমিত । কিছুসময়ৰ বাবে একো মণিব নোৱাৰা হৈ পৰিছিলোঁ । আনহাতে ওচৰতে কেইগৰাকীমান ফৰাচী যুৱতীৰ চকুপানী ওলোৱা অৱস্থা দেখি আমোদো লাগিছিল । ফুৰ্তিৰ মাজেৰেই মিছিল আগবাঢ়ি গৈ আছিল। তাৰ মাজতে দেখিবলৈ পাইছিলোঁ কেইগৰাকীমান যুৱতীয়ে পুলিচৰ ওচৰলৈ গৈ নিজৰ দাবীৰ কথা বুজাইছিল আৰু হাতত থকা মুগেট ফুলৰ থোপা পুলিচৰ হাতত দি আহিছিল।
বুলেভা দু মোঁপাৰনাছৰ পৰা আৰম্ভ হোৱা এই মিছিল ধীৰে ধীৰে আগবাঢ়ি বিয়লি প্ৰায় সাত বজাত পেৰিছ ডি-ইটালীত গৈ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত শেষ হৈছিল । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেলৰ মেক্ৰোনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে গোটেই বাটত গান গাই আহিছিল –
We are here !
Even if Macron doesn't want it,
Here we are!
For the honor of the workers
And for a better world,
Even if Macron does not want it,
We are here!
(ফাৰাচী On est là, même si Macron ne veut pas ৰ পৰা
অনুবাদ)
ফ্ৰান্সত
খুবেই জনপ্ৰিয় হোৱা এই মেক্ৰোন বিৰোধী প্ৰতিবাদী গানটোৰ সুৰ এই লেখা লিখি থকা
মুহূৰ্তত বৰকৈ মনত পৰিছে । এই গানটো শুনি শুনি সিদিনাখন যেতিয়া বিপ্লৱৰ পীঠস্থান
পেৰিছৰ বাটেৰে আগবাঢ়ি গৈ আছিলোঁ, গোটেই বাটচোৱা মোৰ বাৰে বাৰে মনত পৰিছিল ১৭৮৯ ৰ
বেষ্টিল দুৰ্গ পতনৰ কথা য’ত পেৰিছৰ প্ৰতিবাদী জনতাই বেষ্টিল দুৰ্গ ভাঙি ধাৰাশায়ী
কৰিছিল, মনত পৰিছিল ১৮৩০ ৰ জুলাই বিপ্লৱৰ কথা যেতিয়া পেৰিছৰ জনগণে ৰাজপ্ৰসাদৰ বগা
পাতাকাক অস্বীকাৰ কৰি বিপ্লৱৰ ত্ৰিৰংগ পতাকা উৰুৱাই গৌৰৱান্বিত তিনিদিনিয়া (Glorious Three Days) বিদ্ৰোহ পালন কৰিছিল আৰু মনত
পৰিছিল ১৮৪৮ ৰ গৌৰৱোজ্জল ফৰাচী বিপ্লৱৰ কথা। মনত পৰিছিল ১৮৮৬ ৰ ৪ মে’ত আমেৰিকাৰ চিকাগো চহৰৰ হে’মাৰ্কেট স্কোৱেৰত শ্ৰমিক
সকলে দিনত আঠ ঘন্টা শ্ৰমৰ দাবীত কৰা প্ৰতিবাদৰ কথা ।
এনেকৈয়ে সিদিনা পেৰিছত উদযাপন কৰিছিলোঁ আন্তৰাষ্ট্ৰীয় মে’ দিৱস।