Friday, June 19, 2020

নিকোলাছ ৰ'ৰিখ (Nicholas Roerich) ৰ এখনি ছবি ।। Urusvati, Himachal Pradesh: আবিদ আজাদ

নিকোলাছ ৰ'ৰিকৰ এখনি ছবি আৰু দেৱকান্ত বৰুৱাৰ কবিতাৰ “কিন্তু দুৱাৰ মুকলি ক'ত” সন্দৰ্ভত:
(প্ৰসঙ্গ: হোমেন বৰগোহাঞিৰ “কিন্তু দুৱাৰ মুকলি ক’ত?” আমাৰ অসম; ৮ জুন ২০১৪) 

ভ্ৰমিলোঁ বহুত বাট।
কিন্তু দুৱাৰ মুকলি ক'ত?
বন্ধ দেখোঁ সকলো দুৱাৰ।
দুৱাৰ মুকলি মাথোঁ অচল ছবিৰ
কিতাপ দ'মত থকা নিকোলাছ ৰ'ৰিকৰ
এখনি ছবি। 

চিত্ৰত: নিকোলাছ ৰ'ৰিকৰ "And we are opening the Gate" ছবিখন

কবি দেৱকান্ত বৰুৱাই তেওঁৰ কবিতা "আমি দুৱাৰ মুকলি কৰোঁ"ত ‘নিকোলাছ ৰ'ৰিকৰ এখনি ছবি’ বুলি উল্লেখ কৰি ৰ'ৰিকৰ বিখ্যাত “And we are opening the Gates” শীৰ্ষক ছবিখনৰ কথাকে ইয়াত বুজাব বিচাৰিছে বুলি ধাৰণা হয়। কবিতাটিত ‘কিন্তু দুৱাৰ মুকলি ক'ত?’ বুলি কৰা প্ৰশ্ন আৰু ছবিখনৰ শিৰোনাম “আৰু আমি দুৱাৰখন খুলি আছোঁ”ৰ মাজত আক্ষৰিক দিখতো সম্পৰ্ক দেখা যায়। ৰ'ৰিকৰ মন-মুগ্ধকাৰী অসংখ্য চিত্তকৰ্ষক ছবি থকা সত্বেও দেৱকান্ত বৰুৱাৰ দৰে দাৰ্শনিক কবি এজনে এই বিশেষ ছবিখনত এনেকুৱা কি আৱিস্কাৰ কৰিছিল যে তাত তেওঁ বিচাৰি পাইছিল জীৱনৰ মুক্তিদায়িনী শক্তি! 

নিকোলাছ ৰ'ৰিকে এই ছৱিখন আঁকিছিল আমেৰিকাত থকা সময়ছোৱাত (১৯২০-১৯২৩)। সুখ-স্বাচ্ছন্দ্য আৰু সমৃদ্ধিৰে ভৰপূৰ আমেৰিকাৰ এই সময়ছোৱাক কোৱা হয় 'গৰ্জনময় বিশৰ দশক' (Roaring Twenties) বা জেজ যুগ (Jazz Age) । তেতিয়া চৰম ভোগবাদ আৰু বস্তুবাদে আমেৰিকাবাসীক আচ্ছন্ন কৰি ৰাখিছিল। অৱধাৰিতভাৱে, সমান্তৰালকৈ নিৰাশাবাদ, নাস্তিকতাবাদ, হতাশা আৰু এক ৰসহীন গহীন পৰিবেশে চাৰিওফালে চানি ধৰিব আৰম্ভ কৰিছিল। আমেৰিকাৰ এজন অন্যতম শ্ৰেষ্ঠ লিখক এফ, স্কট ফ্ৰিত্জগেৰাল্ডৰ মতে সেয়া আমেৰিকাৰ এনেকুৱা এক সময় য’ত “all Gods dead, all wars fought, all faiths in man shaken." তেনেকুৱা এক সময়তে আমেৰিকাত আগমন হৈছিল শিল্পৰ আজন্ম পূজাৰী নিকোলাছ ৰ'ৰিকৰ। তেওঁ আছিল একেধাৰে এজন লিখক, ভ্ৰমণকাৰী, অন্বেষক, দাৰ্শনিক, চিত্ৰশিল্পী আৰু সংস্কাৰক। আন মানুহে য’ত একো দেখা নাছিল তাত তেওঁ বিচাৰি পাইছিল সৌন্দৰ্যৰ ৰূপ-লাৱণ্য। তেওঁৰ কামেই আছিল হতাশা আৰু নিৰাশাৰ মাজত জীৱনী শক্তিৰ সন্ধান কৰি ফুৰা আৰু শিল্পৰ দ্বাৰা মুক্তিৰ বাট মুকলি কৰি দিয়া। 

নিকোলাছৰ জীৱন-দৰ্শন নুবুজাকৈ আমি তেওঁৰ চিত্ৰকলাৰ প্ৰকৃত ৰস হয়তো পান কৰিব নোৱাৰিম। তেওঁ আছিল আক্ষৰিক অৰ্থতে এজন বিশুদ্ধ বিশ্ব নাগৰিক। কলা-সংস্কৃতিৰে সমৃদ্ধ ঐতিহাসিক চহৰ ছেন্ট পিটাৰ্ছবাৰ্গত জন্ম হোৱা ৰ'ৰিকে জ্ঞান আৰু শিল্পৰ প্ৰতি থকা তাড়নাত ভ্ৰমণ কৰি ফুৰিছিল বিশ্বৰ অনেক দেশ। সৰুৰে পৰা ভাস্কৰ্যশিল্প, চিত্ৰকলা, ধৰ্ম, দৰ্শন আদিৰ প্ৰতি তেওঁৰ আছিল অগাধ টান। ইউৰোপত সিঁচৰতি হৈ থকা ঐশ্বৰ্যশীল শিল্পকলা আৰু ভাস্কৰ্যবোৰ অধ্যয়ন কৰিবলৈ ডেকা বয়সতে তেওঁ ভ্ৰমণ কৰিছিল পেৰিছ, বাৰ্লিন আদিৰ দৰে শিল্পৰে সমৃদ্ধ প্ৰসিদ্ধ চহৰবোৰ। তাৰোপৰি তেতিয়াৰ অবিভক্ত সমগ্ৰ ৰাছিয়াৰ মুঠ চল্লিছখন চহৰত শতিকাজুৰি পৰিত্যক্ত হৈ থকা অনেক প্ৰাচীণ কীৰ্তিস্তম্ভ, গীৰ্জা, দুৰ্গ, দেৱাল, স্থাপত্য আদি চলাথ কৰি আৰু সেইবোৰত খোদিত বিৰাট অৰ্থবোৰ বিচাৰি তেওঁ সমগ্ৰ বিশ্ববাসীক মানৱ সভ্যতাৰ এক নতুন পথ প্ৰদৰ্শন কৰিছিল। তেওঁ দাবী জনাইছিল যে শিল্প-ভাস্কৰ্য, প্ৰাচীন কীৰ্তিস্তম্ভ, স্থাপত্য আদি কেৱল কোনো এখন দেশৰ একচেটীয়া সম্পত্তি নহয়; সেইবোৰ সমগ্ৰ মানব জাতিৰে সম্পদ। তাক ৰক্ষা কৰাটো সমগ্ৰ মানৱজাতিৰে দায়িত্ব। প্ৰথম বিশ্বযুদ্ধৰ কাল চোৱাত অবিভক্ত ৰাছিয়াৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰাচীণ শিল্প-ভাস্কৰ্য বোৰৰ সীমাহীন ক্ষয়-ক্ষতিবোৰ দেখি তেওঁৰ হৃদয় হাঁহাকাৰ কৰি উঠিছিল। বিশ্বদৰবাৰত তেওঁ দৃঢ় যুক্তি আগবঢ়াইছিল যে যুদ্ধৰ সময়ত চিকিত্‌সালয়ৰ দৰে জীৱন বচোৱা প্ৰতিষ্ঠানবোৰক যিদৰে ৰক্ষা কৰা হয় তেনেদৰে মানৱ সভ্যতাৰ সাক্ষী বহনকাৰী কীৰ্তি স্তম্ভবোৰকো ৰক্ষা কৰা হওঁক। শিল্প ৰক্ষাৰ স্বাৰ্থত এনেধৰণৰ অভূতপূৰ্ব চিন্তা-চৰ্চা কৰি তাক বিশ্বস্তৰত দাবী জনোৱা ইতিহাসৰ তেঁৱে প্ৰথমজন ব্যক্তি। কিন্তু সেই সময়ত দেশ সমূহ সদ্য সমাপ্ত বিশ্বযুদ্ধ আৰু তাৰ ফলত সৃষ্টি হোৱা অভাৱনীয় দুৰ্দশাৰ পৰা উদ্ধাৰ পাবলৈ ইমানেই ব্যস্ত হৈ পৰিছিল যে শিল্প, মূৰ্তি, চিত্ৰ, কীৰ্তিচিহ্ন, ভাস্কৰ্য আদিৰ দৰে বিমূৰ্ত আৰু ‘কম দৰকাৰী’ বুলি বিবেচিত বস্তুবোৰৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়াত কোনেও অগ্ৰাধিকাৰ দিব পৰা নাছিল। 
Nicholas Roerich ৰ সমাধিৰ কাষত, উৰুখৱতিত (হিমাচল প্ৰদেশ, ২০১৬)
ৰ'ৰিকৰ চিন্তা-ধাৰাৰ এটা ডাঙৰ বৈশিষ্ট এয়া যে তেওঁ পশ্চিমৰ জ্ঞান আৰু পূৱৰ প্ৰজ্ঞাৰ হাতত হাত ধৰি জীৱনৰ আৰু বিশ্ব-চৰাচৰৰ অৰ্থ বিচাৰ কৰিছিল। বিজ্ঞান, কলা আৰু ধৰ্মক তেওঁ ভিন ভিন ৰূপত নাচাই একেটা বৃত্তৰ পৰিধিৰ ভিতৰত ৰাখি জ্ঞান আৰু শিল্প চৰ্চা কৰিছিল। বিশ্ব-ব্ৰহ্মাণ্ড সম্পৰ্কীয় ভাৰতীয় আদিহীন-অন্তহীন দৰ্শণৰ প্ৰতি তেওঁৰ আছিল গভীৰ দূৰ্বলতা । লণ্ডনত থকা সময়চোৱাত তেওঁ বৃটিছ বৌদ্ধগুৰু খ্ৰীষ্টমাছ হামফ্ৰী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শত আহিছিল। ভাৰতীয় দৰ্শনৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ থকা ৰ'ৰিক আৰু ৰবীন্দ্ৰ ঠাকুৰৰ মাজৰ কথোপকথন তেনেপৰিস্থিতিত কিমান উচ্চ-স্তৰলৈ গৈছিল সেয়া অনুমান কৰা দূৰুহ! বেদান্ত আৰু বৌদ্ধ দৰ্শনৰ প্ৰতি তেওঁ ইমানেই আকৰ্ষিত হৈছিল যে প্ৰায় পাঁচ বছৰ কাল (১৯২৩-২৮) তেওঁ নিজৰ পত্নী, পুত্ৰ আৰু অন্যান্য সংগীৰ সৈতে প্ৰাশ্চ্য সভ্যতা, সংস্কৃতি আৰু দৰ্শন অধ্যয়নৰ উদ্দেশ্যে ভ্ৰমণ কৰিছিল কেৰেলাৰ পৰা আৰম্ভ কৰি চিকিম, পাঞ্জাৱ, কাশ্মীৰ, লাদাখ, কাৰাকোৰম পৰ্বতমালা, ঝিনজিয়াং প্ৰদেশ, আল্টাই, মঙ্গোলিয়া, তিব্বত আৰু শেষত হিমাচল প্ৰদেশ। নৈ-নিজৰা, হাবি-জংঘল, পৰ্বত-ভৈয়াম নেওচি দক্ষিণ এছিয়াৰ পৰা মধ্য এছিয়াৰ কেন্দ্ৰ অঞ্চললৈ কৰা পাঁছ বছৰ দীঘলীয়া এই সুদীৰ্ঘ কন্টকময় অভিযান বিশ্বৰ বিখ্যাত অভিযানবোৰৰ এটা। এই অভিযানত ৰ'ৰিকে নিজৰ ভালে কেইজন সংগীক চিৰদিনলৈ হেৰুৱাব লগাও হৈছিল। মানুহৰ অদম্য ইচ্ছাশক্তি অবিহনে এনে যাত্ৰাৰ সফল সমাপ্তি কৰা বৃথা কল্পনা মাথোন। প্ৰাচ্যৰ প্ৰাচুৰ্যেৰে ভৰা সভ্যতা-সংস্কৃতি-দৰ্শনৰ প্ৰতি থকা জিজ্ঞাসাই ৰ'ৰিকৰ এই অভিযানৰ মূল চালিকা শক্তি আছিল যদিও নিযুত নিযুত বছৰ ধৰি পৃথিৱীৰ উত্থান-পতনৰ সাক্ষ্য বহন কৰি অহা স্থিতপ্ৰজ্ঞ পৰ্বতবোৰৰ প্ৰতি থকা তেওঁৰ অকুন্ঠ আসক্তিও এই অভিযানৰ আন এটা প্ৰধান অনুঘটক আছিল। পৰ্বতৰ সৌন্দৰ্যৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতাৰ অজস্ৰ উদাহৰণ আমি দেখিবলৈ পাওঁ তেওঁ অঁকা চিত্ৰবোৰত। এই লেখাৰ বিষয়বস্তু- “And we are opening the Gates” নামৰ চিত্ৰখন তাৰেই এটা উদাহৰণ। 

The Brahmaputra by Nicholas Roerich

ভাৰতবৰ্ষলৈ অহাৰ পূৰ্বে নিকোলাছ ৰ'ৰিক প্ৰায় তিনিবছৰৰ বাবে আমেৰিকাত আছিল। চিকাগ’ আৰ্ট ইনষ্টিটিউটৰ নিমন্ত্ৰণ ক্ৰমে আমেৰিকালৈ যোৱাৰ তেওঁৰ প্ৰধান উদ্দেশ্য আছিল তাৰে যুৱচামৰ মাজত শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। আৰু আনটো অন্তৰ্নিহিত উদ্দেশ্য আছিল অদূৰ ভৱিষ্যতে হ’ব লগীয়া দীঘলীয়া ভাৰত আৰু মধ্য-এছিয়া ভ্ৰমণৰ বাবে নিজকে প্ৰস্তুত কৰা। ওপৰত উল্লেখ কৰা হৈছেই যে আমেৰিকাত সেই সময়ত অতি বস্তুবাদ, ব্যক্তিবাদ আৰু ভোগবাদে গা কৰি উঠিছিল। ৰ’ৰিক আমেৰিকাত উপস্থিত হৈয়েই ভোগবাদ-বস্তুবাদে আনি দিয়া খন্তেকীয়া আনন্দৰ ঠাইত শিল্পই দিব পৰা স্থায়ী আনন্দৰ প্ৰচাৰত ক্ষীপ্ৰতাৰে লাগি গ’ল। জন্মস্থান ছেন্ট পিটাৰ্ছবাৰ্গত আহৰণ কৰা আধ্যাত্মিক জ্ঞান আৰু সুদীৰ্ঘ অভিজ্ঞতাৰ লগতে লণ্ডনত থাকোতে অধ্যয়ন কৰা ভাৰতীয় আৰু বৌদ্ধ দৰ্শনৰ আলোক সন্ধানী জ্ঞানে তেওঁক এই নতুন অভিযানত প্ৰচূৰ সহায় কৰিলে। এইটো কথা ঠিক যে, সেই সময়খিনিত আমেৰিকাৰ বেছিভাগ সাধাৰণ ৰাইজ বা যুৱচাম যদিও অতি বস্তুবাদৰ নাগপাশত আবদ্ধ আছিল, একে সময়েতে শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰত একাংশ উচ্চমানৰ লিখক বা শিল্পীৰো সৃষ্টি হৈছিল। আমেৰিকাৰ কিছুমান বিখ্যাত সাহিত্যকৰ সৃষ্টি এই সময়চোৱাতে হোৱা। বিখ্যাত 'দ্য গ্ৰেট গেটছ্বাই' আৰু ‘দ্য কিউৰিয়াছ কেছ অৱ বেঞ্জামিন বাটনৰ' স্ৰষ্টা এফ, স্কট ফ্ৰিত্‌জগেৰাল্ড সেই সময়ৰ আমেৰিকাৰেই সৃষ্টি। 

আমেৰিকাৰ যুৱচামক সাংস্কৃতিক আৰু আত্মিক প্ৰয়োজনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ আশ্ৰয় ল’লে চিত্ৰকলাৰ। তেওঁ এনেকুৱা কিছুমান ছবি আঁকিব ধৰিলে য’ত তুলি ধৰা হ’ল মেচিন আৰু প্ৰযুক্তিৰ শক্তিতকৈ অধিক শক্তিশালী মন আৰু হৃদয়ৰ শক্তিক, যিয়ে জাগ্ৰত কৰে প্ৰেম, চিন্তা, আধ্যাত্মিকতা, সৃষ্টিশীলতাৰ দৰে স্থায়ী মানৱীয় প্ৰমূল্য বোৰক। ৰঙেৰে খেলা কৰা তেওঁৰ চিত্ৰৰ সংকেতবোৰে পৃথিৱী আৰু স্বৰ্গৰ মাজত এখন সাঁকো নিৰ্মাণ কৰিছিল। তেওঁৰ চিত্ৰৰ ৰহস্যঘন ৰূপকবোৰে প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ মাজত থকা বিস্তিৰ্ণ ব্যৱধানক বাৰে বাৰে একাকাৰ কৰি পেলায়। “And we are opening the Gate” নামৰ ছৱিখনো হৈছে তেনেকুৱা এক বাৰ্তা বহনকাৰী ছবি যাক চিত্তেৰে উপভোগ কৰিব পাৰিলে জাগতিক ‘পৃথিৱীখনক সম্পূৰ্ণ পৰিহাৰ কৰি চলিব পাৰি’। 

"অপেনিংগ দ্য গেট" ছবিখন চালে দেখা যায় যে এখন উচ্চ দৃঢ় দেৱালে পৃথিৱীখনক দুটা পৃথক ভাগত ভাগ কৰিছে। দেৱালখনৰ ছাঁ পৰি তাৰ সম্মূখ ভাগটো হৈ আছে ছাঁয়াময় আৰু তাৰ খোলা গেটখনেৰে দেখা পোৱা আনটো ভাগ হৈ আছে সূৰ্যৰ আলোকত দ্বীপ্তিময়। গেটখনৰ দুয়োকাষত আৰু ওপৰ অংশত অংকিত কৰা আছে কোনোবা খ্ৰীষ্টীয় সন্তৰ প্ৰতিমূৰ্তি। এটা প্ৰকাণ্ড ঘন্টা দেৱালখনৰ একাষে ওপৰত ওলোমি আছে । খোলা গেটখনেৰে দূৰৈত পাহাৰৰ টিলাত দেখা পোৱা যায় এখন সৰু মঠ আৰু তাৰ ওচৰতে এটা ক্ষুদ্ৰ সৰোবৰ। এইবোৰৰ পৰা অনুমান কৰিব পাৰি যে দেৱালৰ পশ্চাত্‌ অংশৰ বিশাল আশ্ৰম বা মন্দিৰ প্ৰাঙ্গন খনে এক সৰগীয় বিশ্বৰ চিত্ৰ দাঙি ধৰিছে। মঠৰ চাৰিওফালে আবৰি থকা সৰু সৰু পাহাৰবোৰ উদিত সুৰ্যৰ কাঁচিয়লি পোহৰত হালধীয়া হৈ জিলিকি আছে। হালধীয়া ৰং হৈছে উত্‌ফুল্লতা আৰু আশাবাদৰ প্ৰতীক। চিত্ৰত ই মানুহৰ জাগ্ৰত মন আৰু ধীশক্তিক সূচাইছে। আনহাতে সূৰ্যৰ বিপৰীত দিশত থকা দেৱালৰ ছাঁত আশ্ৰমৰ সন্মূখভাগ নিষ্প্ৰভ, ধূসৰ হৈ পৰি আছে। ই সূচাইছে হতাশা আৰু নিৰাশাৰে ভৰা পৃথিৱীখনক।
মন কৰিবলগীয়া যে ছবিখনত চিত্ৰকাৰ ৰ'ৰিকে আধ্যাত্মিক জগত আৰু পাৰ্থিৱ জগতক প্ৰকাণ্ড দেৱালখনেৰে দুভাগত পৃথক কৰিছে যদিও খোলা দুৱাৰখনেৰে দুয়োটা জগতক সংযোগো কৰিছে। ছবিখন চাই দৰ্শকৰ মনত বা আশ্ৰমৰ দুৱাৰৰ সন্মূখত উপস্থিত হোৱা কোনোবা পথিকৰ মনত এনেকুৱা ভাব হ'ব যে আশ্ৰমৰ 'পবিত্ৰ দুৱাৰখন' অতিক্ৰম কৰিব পাৰিলেই পদাৰ্পণ কৰিব পৰা যাব এখন অনন্য পৱিত্ৰ জগতত। কিন্তু ৰ'ৰিকৰ এই পৱিত্ৰ আধ্যাত্মিক জগতখন কোনো কল্পনালোকৰ নহয়। ই এই পৃথিৱীতে আছে। প্ৰয়োজন কেৱল মনৰ দুৱাৰখন মেলাৰ। চিত্ৰখনত তেওঁ এই আত্মিক জগতখন বিচাৰি পাইছে প্ৰকৃতিৰ নিৰিবিলি সৌন্দৰ্যৰ মাজত। বিশ্ব-সাহিত্যৰ ৰস চলাথ কৰি ফুৰা কবি দেৱকান্ত বৰুৱায়ো ৰ’ৰিকৰ দৰেই “ৱি আৰ অপেনিং দ্য গেটছ্‌”ৰ মুকলি দুৱাৰখনেৰেই বিচাৰি পাইছিল তেওঁ বিচাৰি ফুৰা পৃথিৱীখন। 

ৰ'ৰিকৰ এনেধৰণৰ ভাববহুল বিশ্বজনীন ছবিবোৰে চৰম ভোগ-বিলাসত মত্ত আমেৰিকাবাসীৰ মনত ক'ব নোৱাৰাকৈ দস্তক দিছিল। তাৰোপৰি ৰ'ৰিকৰ ছবিবোৰে আমেৰিকাবাসীৰ আগত তেতিয়ালৈ অপৰিচিত ৰাছিয়াৰ এখন অন্য সাংস্কৃতিক-আধ্যাত্মিক ছবিও দাঙি ধৰাত সহায় কৰিছিল। এইদৰে আমেৰিকাত তিনিবছৰকাল থাকি শিল্পৰ প্ৰসাৰ কৰাৰ পাছতেই তেওঁ আৰম্ভ কৰিছিল তেওঁৰ জীৱনৰ বিখ্যাত মধ্য-এছিয়া অভিযানৰ। এই সূদীৰ্ঘ অভিযানত সংগ্ৰহ কৰা প্ৰচুৰ তথ্য, জ্ঞান আৰু অভিজ্ঞতাৰ দীৰ্ঘস্থায়ী গৱেষণা আৰু অধ্যয়নৰ বাবে তেওঁৰ প্ৰয়োজন হৈছিল এখন নিগাজী ঠাইৰ। সেই উদ্দেশ্যে হিমাচল প্ৰদেশৰ কুল্লুৰ ওচৰৰ নাগৰ নামে ঠাইত স্থাপন কৰে উৰুসৱতী হিমালয়ান ৰিছাৰ্চ ইনষ্টিটিউট। তাতেই পৰিয়ালসহ তেওঁলোক থাকিবও লয়। ৰ'ৰিকৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী আৰু পুত্ৰদ্বয়ে প্ৰতিষ্ঠানটো চলাই নিয়ে। হিমাচল প্ৰদেশক তেওঁলোকৰ অধ্যয়ন ক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰাৰ অন্তৰালত থকা উদ্দেশ্য ব্যক্ত কৰি ৰ'ৰিকে লিখিছিল- "বিজ্ঞান আৰু গৱেষণাৰ ঠাই "উৰুসৱতীখন" নিশ্চিতভাৱে পূৰ্বৰ আৰ্যৱৰ্ত সকলৰ বাসস্থান হিমালয়তে সাজিব লাগিব।... এইখনেই সেইখন ঠাই য'ত ঋক বেদৰ মহান বাণী সমূহ নিৰ্গত হৈছিল, য'ত মহাত্মা সকল বিচৰণ কৰি ফুৰিছিল, য'ৰ গহ্বৰ আৰু পৰ্বতৰ শিখৰবোৰত মানৱ জ্ঞানবোৰ পুঞ্জীভুত হৈ আছিল।" 

উল্লেখযোগ্য যে ৰাছিয়ান সাংবাদিক ল্যুড্মিলা শ্বেপ’শ্নিক’ভৰ (Lyudmila Shaposhnikov) সৈতে ১৯৭৫ চনৰ ২৬ ছেপ্তম্বৰত হোৱা এটা সাক্ষাত্‌কাৰত ইন্দিৰা গান্ধীয়ে নিকোলাছ ৰ’ৰিকৰ সন্দৰ্ভত এনেদৰে কৈছিল- “ ১৯৪২ চনত মই দেউতাৰ সৈতে থকা সময়ত ৰ’ৰিক পৰিয়ালৰ সৈতে ভালে কেইদিন কটাইছিলোঁ। এটি প্ৰতিভাৱান আৰু চমকপদ পৰিয়ালৰ সৈতে পাৰ কৰা সেয়া এক স্মৰণীয় অভিজ্ঞতা য’ত পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ বিষয়ত একোজন অসাধাৰণ ব্যক্তি আছিল। মোৰ মনত পৰে, নিকোলাছ ৰ’ৰিক মানুহজন আছিল এজন প্ৰশস্ত জ্ঞান আৰু জীৱন সম্পৰ্কে বিস্তৰ অভিজ্ঞতা থকা ব্যক্তি, এজন প্ৰাণৱন্ত ব্যক্তি, এজন গভীৰ অন্তৰদৃষ্টি সম্পন্ন ব্যক্তি।
তেওঁৰ পেইন্টিংবোৰ চমকপ্ৰদ আৰু নিগূঢ় অৰ্থবহ। এন. ৰ’ৰিকৰ হাতৰ পৰশত বিশালকায় প্ৰাকৃতিক হিমালয় পৰ্বত ৰহস্যময় হৈ পৰিছিল। মানুহজনৰ চাল-চলন আৰু ব্যৱহাৰ-পাতি চাই এনেকুৱা লাগিছিল যেন তেওঁ নিজেই বিশাল হিমালয়ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ বাগাড়ম্বৰপূৰ্ণ নাছিল, কিন্তু তেওঁৰ পৰা উদ্ভুত হোৱা নিৰাবেগ শক্তিয়ে চাৰিওকাষ ভৰাই ৰাখিছিল। 

তেওঁৰ প্ৰজ্ঞা আৰু সৃজনশীল প্ৰতিভাৰ বাবে নিকোলাছ ৰ’ৰিকক আমি গভীৰ শ্ৰদ্ধা কৰোঁ। আমি ইয়াক ছোভিয়েট ইউনিয়ন আৰু ভাৰতৰ মাজৰ এক সংযোগ বুলি সমাদৰো কৰোঁ। দেউতাৰ সৈতে তেওঁৰে হোৱা কথাবাৰ্তাৰ সময়ত মই উপস্থিত নাছিলোঁ। কিন্তু মই জানিছিলোঁ তেওঁলোকে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত পাৰস্পৰিক সহোযোগিতা অধিক বৃদ্ধিৰ ওপৰত ভাৱ আৰু চিন্তা অভিব্যক্ত কৰিছিল। এতিয়া, ভাৰত স্বাধীন হোৱাৰ পাছত, দুয়োদেশে তাৰ বাস্তৱ ৰূপায়ন দেখিবলৈ পাইছে। আৰু আপুনি জানে যে, আজি আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক বিদ্যমান।” ( Google Translator ৰ সহায়ত ৰুছৰ পৰা অসমীয়ালৈ লিখকৰ দ্বাৰা স্ব-অনুদিত)

["আমাৰ অসম" কাকতত প্ৰকাশিত, ১০/০৮/২০১৪, দেওবাৰ]

Friday, May 22, 2020

প্ৰথম মে’ৰ দিনাখন পেৰিছত ।। অবিদ আজাদ

১ মে’ ২০১৯, পেৰিছ ।

পেৰিছৰ বেলেভিলেত অৱস্থিত আমাৰ হোটেলখনৰ পৰা পুৱাতেই ওলাই যাওঁবাট-পথবোৰ সিদিনা ফুলৰ অসংখ্য দোকানেৰে ভৰা । প্ৰথম দেখি মনতে ভাবিছিলোঁ – কি কথা, কিয় আজি ইমান ফুলৰ দোকান ! পাত দীঘল সৰু সৰু বগা ফুলৰ থোপাবোৰৰ সৈতে বহি বা ঠিয় হৈ থকা দোকানীবোৰে হাঁহিমুখেৰে সম্ভাষণ জনাই আছিল কাষেৰে পাৰ হৈ যোৱা পথাচাৰীসকলক - La Fête du Muguet  ফুল বিধৰ নাম – মুগেট   বিপ্লৱ, প্ৰতিবাদ আৰু ধৰ্ণাৰ বাবে বিখ্যাত পেৰিছত প্ৰথম মে’ৰ দিনাখন আচলতে অকল শ্ৰমিক দিৱসেই উদযাপন কৰা নহয়, সিদিনাখন ফৰাচীসকলে বসন্তক আদৰণি জনাই আৰু বন্ধুবৰ্গ তথা আপোনজনক মুগেট ফুলৰ থোপা আগবঢ়ায় আমাৰ বহাগৰ প্ৰথম দিনটোৰ দৰেই!  ফ্ৰান্সৰ এয়া এক অতি প্ৰাচীণ উৎসৱ আৰু পৰম্পৰা এক মে’ৰ দিনাখন মুগেট ফুলৰ বিক্ৰীত চৰকাৰেও কোনো ধৰণৰ টেক্স নলয় । প্ৰশাসনৰ আঁৰত অ’ত-ত’ত লুকাই থকা ৰিফিউজীবোৰেও সিদিনা বিনা শংকাই বাটত মুগেট ফুল বিকিবলৈ ওলাই আহে । বাংলাদেশৰ ভালেকেইজন তেনেকুৱা যুৱকক সিদিনাখন তাত লগ পাইছিলোঁ । কথা পাতিছিলোঁ । ৰিফিউজী জীৱন কিমান দুৰ্বিসহ শ্ৰম-পাৰ্মিট নথকা এজন বাংলাদেশী যুৱকে শুকান মুখেৰে সেয়া আমাৰ আগত ব্যক্ত কৰিছিল ৰঙীন সপোন লৈ বাংলাদেশৰ পৰা বহু বাধা-বিঘিনী নেওচি চুচৰি-বাগৰি ফ্ৰান্স আহি পাইছিল । যি এজেন্টে টকাৰ বিনিময়ত ফ্ৰান্সত শ্ৰম-পাৰ্মিট উলিয়াই দিয়াৰ কথা কৈছিল সেইবোৰ আৰু পাবলৈ নাই । ফ্ৰান্সত শ্ৰম-পাৰ্মিট পোৱা সহজ কথা নহয় । নিবনুৱা সমস্যাই গোটেই পৃথিৱীকে গ্ৰাস কৰিছে । যুৱকজনে বাংলাদেশ ঘুৰি আহিব বিচাৰে, কিন্তু সেয়া তেওঁৰ বাবে সম্ভৱ নহয় । পুলিচে পালেই জেলত থ’ব । তাতে টকা-পইচা নাই। থাকিবলৈ ঠাই নাই । অ’ত-ত’ত লুকাই ফুৰে । এক ভয়ংকৰ জীৱন ।

La Fête du Muguet

পেৰিছৰ বেলেভিলে অঞ্চলটোত যথেষ্ট সংখ্যক এছিয়া আৰু আফ্ৰিকা মূলীয় লোক বাস কৰে । থকা আৰু খোৱা-লোৱাৰ খৰচ তুলনামূলকভাৱে কিছু কম। সেয়ে পেৰিছত থকা দিনকেইটা সেই অঞ্চলত থকাটো ঠিক কৰিছিলোঁ। হোটেলত নিজে ৰান্ধি খোৱাৰ সুবিধা আছিল বাবে ওচৰৰ বজাৰৰ পৰা বজাৰ-সমাৰ কৰি নিজে ৰান্ধিও খাইছিলোঁ । কম খৰচত হৈ গৈছিল । পেৰিছত ভাত-দালি-আলু পিতিকা কৰি খোৱা অভিজ্ঞতাটো বেয়া লগা নাছিল ।

এক মে’ৰ দিনাখন হোটেলৰ পৰা সিদিনা সোনকালে ওলাইছিলোঁ । উদ্দেশ্য আছিল পেৰিছৰ মে’ দিৱসৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰাৰ অভিজ্ঞতা লোৱাকিন্তু সমস্যাটো হৈছিল প্ৰতিবাদ ক’ত হ’ব নিশ্চিতভাৱে কোনেও নাজানিছিলপ্ৰতি বছৰে পেৰিছৰ ভিন ভিন ঠাইত হয় ।  হোটেলৰ ৰিচিপশ্বনত থকা মহিলাগৰাকীয়েও জ্ঞাত নহয় বুলি কৈছিল । বাটত লগ পোৱা দুই এজন বাংলাদেশী ফুলৰ দোকানীকো সুধিছিলোঁ । তেওঁলোকে বেলেভিলেৰ ওচৰৰে ৰিপাব্লিক নামৰ ঠাইখনলৈ যাবলৈ ক’লে । খোজকাঢ়ি গ’লে আধাঘন্টাৰ বাট । বাংলাদেশী দোকানীজনে ভাৰতীয় বুলি জানি মে’ দিৱস উপলক্ষে এথোপা মুগেট ফুল বিনা পইচাতে আমাক দিছিল। বিদেশত তেনেকৈ বিনামুলীয়াকৈ বস্তু পোৱাটো বৰ অনন্দদায়ক কথা । বেলেভিলেৰ পৰা ৰিপাব্লিকলৈ খোজকাঢ়ি আগবাঢ়ি গ’লোঁ । কিছুপিছতে তাত গৈ দেখো যে সেয়া এক প্ৰকাণ্ড চাৰিআলি । চাৰিআলিৰ মাজত ফ্ৰান্স গণৰাজ্যৰ প্ৰতীক-চিহ্ন – স্বতন্ত্ৰতাৰ দেৱীৰ বিশাল প্ৰতিমূৰ্তি । ইতিমধ্যে তাত ভেনেজুৱেলাৰ একাংশ যুৱক যুৱতীয়ে ভেনেজুৱেলাৰ স্বতন্ত্ৰতা আৰু মজুৰি বৃদ্ধিৰ দাবীত বিভিন্ন বেনাৰ – পোষ্টাৰ লৈ প্ৰতিবাদ কৰা আৰম্ভ কৰি দিছিলেইকিছুসময় তেওঁলোকৰ লগত কটালো। তেওঁলোকৰ প্ৰতিবাদত সহযোগ কৰিলোঁ । পুলিছৰ গাড়ীৰ কনভয়ে হুলুস্থুলীয়া চাইৰেন বজাই বজাই বাৰে বাৰে ওচৰেৰে পাৰ হৈ গৈছিল । পুৱাৰ সময় আছিল বাবে মানুহ-দুনুহ বৰ বিশেষ নাছিল ।

মে’ দিৱসৰ প্ৰতিবাদ দুপৰীয়া চাৰে-বাৰ মান বজাত আৰম্ভ হ’ব পাৰে বুলি মোবাইলত স্থানীয় বাতৰি কাকতত চাই গম পাইছিলোঁ । কিন্তু তাতো ক’ত সেয়া আৰম্ভ হ’ব তাৰ উল্লেখ নাছিল। হাতত প্ৰায় দুঘন্টা সময় আাছিল। পিছলৈ সময় নাপাম বুলি ছেইন নদীৰ সিপাৰে (পশ্চিম পাৰে) থকা বুলেভা দু মোঁপাৰনাছ (Boulevard du Montparnasse) ৰ ক্ষেত্ৰলৈয়ে যোৱাটো ঠিক কৰিলোঁ। ৰিপ্লাবিক ষ্টেচনত মেট্ৰ’ ট্ৰেইনত উঠি অলপ পিছতেই মোঁপাৰনাছ গৈ পালোগৈ । আগদিনাখনো তালৈ গৈছিলোঁ যদিও সন্ধিয়া পলম হৈ যোৱা বাবে সমাধিক্ষেত্ৰত প্ৰৱেশ কৰিব পৰা নাছিলোঁ। সমাধিক্ষেত্ৰত প্ৰৱেশ কৰিয়েই বিচাৰি গৈছিলোঁ এসময়্ত আমাৰ চিন্তা-চেতনা আৰু হৃদয়ক আলোড়িত কৰা বিখ্যাত ফৰাচী চিন্তাবিদ তথা নাৰীবাদী লেখিকা ছিমন দি বুভোৱাৰ সমাধিস্থললৈ । এখন হাতত কলম লৈ আৰু আনখন হাতত চিগাৰেট জ্বলাই যিয়ে সৃষ্টি কৰিছিল চিন্তাৰ এক নতুন তৰংগ – the Second Sex নামৰ বিখ্যাত গ্ৰন্থখন । তেওঁৰ সমাধিৰ লগতে আছে ওৰেটো জীৱনৰ জীৱনসংগী তথা ফৰাছী চিন্তাবিদ জাঁ পল ছাৰ্ত্ৰেৰ সমাধি । ছিমন দি বুভোৱাৰৰ সমাধি-স্তম্ভত দেখিছিলোঁ ওঁঠৰ পৰশৰ অসংখ্য চিন। শুভাকাংক্ষীসকলে তাত চুমা আঁকি থৈ যায় আৰু থাকি যায় লিপষ্টিকৰ ৰঙীন দাগবোৰ । মইয়ো খালী ওঁঠেৰেই চুমা এটা আঁকি দি সমাধিত অৰ্পন কৰিছিলোঁ মোৰ হাতত থকা মুগেট ফুল এপাহ, যিপাহ ফুল পুৱা লাভ কৰিছিলোঁ বাংলাদেশী দোকানীজনৰ পৰা । সমাধিৰ কাষত কিছুসময় বহি সময়চোৱা অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ । মনত পৰিছিল বাংলাদেশৰ যুক্তিবাদী লেখক হুমায়ুন আজাদলৈ – যি ছিমন দি বুভোৱাৰৰ ‘দি ছেকেণ্ড ছেক্স’ গ্ৰন্থখন বাংলাত অনুবাদ কৰিছিল ‘দ্বিতীয় লিংগ’ নামেৰে আৰু সেই কিতাপৰ আঢ়িতে নিজে লিখি উলিয়াইছিল ‘নাৰী’ নামৰ কিতাপখন । যিখন কিতাপ বহুবছৰলৈ বাংলাদেশত নিষিদ্ধ হৈ আছিল। ২০১৫ চনত দূৰ্গা পূজা চাবলৈ বুলি ঢাকালৈ যাওঁতে দুয়োখন কিতাপ তাৰ পৰা সাংগ্ৰহ কৰিছিলোঁ ।


ছিমন দি বুভোৱাৰ
ৰ সমাধি-স্তম্ভত লিপষ্টিকৰ ৰঙীন দাগবোৰ

চাৰে বাৰ বাজিবলৈ পোন্ধৰ মিনিট সময় বাকী আছিল। মে’ দিৱসৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আছিল । ইমান ডাঙৰ পেৰিছখনত এতিয়া কোনফালে যাওঁ বুলি ছিমন দি বুভোৱাৰ আৰু জাঁ পল ছাৰ্ত্ৰেক শেষ বিদায় দি তাৰ পৰা ওলাই আহিছিলোঁ বাটলৈ । অকনমান দূৰ অহাৰ পিছতেই দেখিবলৈ পাইছিলোঁ অ’ত-ত’ত পুলিচৰ জুমঅলপ ভয় ভয়ো লাগিছিল। ৰিপাব্লিকৰ পৰা মেট্ৰ’ত আহোঁতে পুলিচে যাকে তাকে চেকিং কৰিছিল আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অহা বুলি অলপ সন্দেহ হ’লেই সোধ-পোচ কৰিছিল বা আটক কৰি ৰাখিছিল ।  মোৰ মংগোলয়্ড চেহেৰা দেখি হয়তো তেওঁলোকৰ মোৰ ওপৰত সন্দেহ হোৱা নাছিল ! ইফালে অসমৰ পৰা এক মে’ক উপলক্ষ কৰি পেৰিছলৈ যোৱাৰ মোৰ প্ৰধান কাৰণটোৱেই অছিল– মে’ দিৱসত অংশগ্ৰহণ কৰা ! আহল-বহল বাটৰ দাঁতিত আৰু পদপথত বন্দুক-লাঠি আৰু ইউনিফৰ্মেৰে সুসজ্জিত পুলিচৰ জুমবোৰ দেখি তেওঁলোকক নোচোৱা ভাও ধৰি এদেও-দুদেও কৈ মোঁপাৰনাছৰ বাছ-ষ্টেণ্ডৰ ফালে আগবাঢ়ি গৈছিলোঁ ।  পাঁচমিনিটমান খোজ কঢ়াৰ পিছতেই হঠাৎ গৈ ওলাছিলোঁ এক বিশাল জন-সমাগমৰ মাজত । ৰাস্তাৰ যিফালে চাওঁ সিফালেই মানুহেই মানুহ । ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী সকলো বয়সৰ লোক। বেছিভাগেই আছিল অৱশ্যে যুৱক-যুৱতী ৰং-বিৰঙৰ বেনাৰ-পোষ্টাৰ, বেলুন, বাজ্না, ড্ৰাম-পেঁপা কতো যে কি ! প্ৰতিবাদী জনগনৰ এক উৎসৱমুখৰ পৰিৱেশ । আনহাতে বাটৰ দুয়োকাষে সুসজ্জিত পুলিচৰ পাৰ হ’ব নোৱাৰা বেৰিকেড । এবাৰ যিয়ে ভিতৰত সোমাল তেওঁক আৰু পুলিচে বাহিৰত ওলাব নিদিয়ে । ভিৰৰ ভিতৰত মইয়ো সোমাই পৰিলোঁ আৰু ক্ৰমান্বয়ে আৰম্ভ হ’ল প্ৰতিবাদী মিছিলৰ ধীৰ যাত্ৰা কোনফালে গৈ আছিলোঁ প্ৰথমে ধৰিব পৰা নাছিলোঁ।

প্ৰায় ছঘন্টা দীঘলীয়া আছিল সেই সমদলবিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰতিবাদী জনগণ আহিছিল তাত অংশগ্ৰহণ কৰিবলৈ । দেখিছিলোঁ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা আদিৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বিভিন্ন অংশগ্ৰহণকাৰী। হাতত তেওঁলোকৰ বিভিন্ন দাবী, বিভিন্ন শ্লগান সম্বলিত বেনাৰ । ৰঙা, নীলা, হালধীয়া, গুলপীয়া কত যে ৰঙৰ পতাকা। শ্ৰীলংকাৰো এটা প্ৰতিনিধি দলক অংশগ্ৰহণ কৰা দেখিছিলোঁ।  আহিছিল অন্তৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ অনেক ডেকা-ডেকা মহিলা-পুৰুষ সাংবাদিকতেওঁলোকৰ পোচাক আৰু সা-সৰঞ্জামবোৰ দেখি এনে লাগিছিল যেন সেয়া মধ্য-পূৱ এছিয়াৰ কোনোবা ঠাইৰ সমৰ-ক্ষেত্ৰহে! তেওঁলোকৰ লগে লগে মইয়ো সময়ে সময়ে ভিডিও কৰি গৈছিলোঁ প্ৰতিবাদৰ বিভিন্ন মুহূৰ্তৰইচ্ছুক পাঠকে YouTube ৰ আমাৰ চেনেল Luitporia Traveller ত সেইদিনাখনৰ দৃশ্যৰ কিছু আভাস নিশ্চয় পাব ।


সমদলৰ কিছুমান শ্ল’গান অছিল এনেধৰণৰ – Stop Macron, Free Lula, Merci Wikileaks, Free Juian Assange, RIC - for a true democracy, Climate Justice, Social Justice, Free Abdul Ocalan, the voice of sovereign people, Long live freedom, Long live socialism, Down with the regime of the Islamic Republic of Iran আদি । ইউজিন ডেলাক্ৰোৱাৰ বিখ্যাত Liberty- Leading the people ৰ আৰ্হিত অঁকা এখন বিশালকায় পেইন্টিং মিছিলৰ আগে আগে টানি লৈ যোৱা হৈছিল। (ডেলাক্ৰোৱাৰ প্ৰকৃত পেইন্টিংখন আগদিনাখন লুভ মিউজিয়ামত চাই আহিছিলোঁ।) তাৰ তলত ডাঙৰ ডাঙৰ আখৰত লিখা আছিল - Corrupt Republic. France deserves better than mafia networks. এইদৰে গণতান্ত্ৰিক আৰু অহিংসভাৱে আগবাঢ়ি থকা প্ৰতিবাদৰ মাজতে Yellow Vest ৰ সদস্য আৰু চৰমপন্থী অদৰ্শৰ কিছুমান প্ৰতিবাদকাৰীয়ে মিছিলত হিংসাৰ আশ্ৰয় লোৱাও দেখা গৈছিল । পেট্ৰ’ল বোমা নিক্ষেপ কৰি জ্বলাই দিয়া হৈছিল বাটত থকা বাইক, চাৰিচকীয়া বাহন আদি আৰু শিল-পাত্থৰ দলিয়াই ভাঙি পেলোৱা হৈছিল তিনি তলা বিল্ডিঙৰ বেংক এটাৰ আইনাৰ দুৱাৰ-খিড়িকীবোৰ । পুলিচৰ বাধাৰ মাজতে, চকুৰ আগতে ঘটিছিল এই ঘটনাবোৰ । পুলিচেও খেদি সোমাই গৈছিল প্ৰতিবাদী ভিৰত আৰু টানি-চোঁচৰাই ধৰি নিছিল কিছুমান প্ৰতিবাদীক । মাজে মাজে পুলিচৰ ফালৰ পৰা ক্ৰন্দক গেছ আৰু জল-প্ৰবাহো নিক্ষেপ কৰা হৈছিল। ক্ৰন্দক গেছৰ ধোঁৱা লাগি এবাৰ মোৰ চকুৰ পৰা ধাৰাষাৰ পানী বৈ আহিছিলক্ৰন্দক গেছৰ সন্মুখীন হোৱা প্ৰথম অভিজ্ঞতা আছিল সেয়া, তাকো বিদেশৰ ভূমিত । কিছুসময়ৰ বাবে একো মণিব নোৱাৰা হৈ পৰিছিলোঁ । আনহাতে ওচৰতে কেইগৰাকীমান ফৰাচী যুৱতীৰ চকুপানী ওলোৱা অৱস্থা দেখি আমোদো লাগিছিল । ফুৰ্তিৰ মাজেৰেই মিছিল আগবাঢ়ি গৈ আছিল। তাৰ মাজতে দেখিবলৈ পাইছিলোঁ কেইগৰাকীমান যুৱতীয়ে পুলিচৰ ওচৰলৈ গৈ নিজৰ দাবীৰ কথা বুজাইছিল আৰু হাতত থকা মুগেট ফুলৰ থোপা পুলিচৰ হাতত দি আহিছিল

Liberty- Leading the people!

বুলেভা দু মোঁপাৰনাছৰ পৰা আৰম্ভ হোৱা এই মিছিল ধীৰে ধীৰে আগবাঢ়ি বিয়লি প্ৰায় সাত বজাত পেৰিছ ডি-ইটালীত গৈ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত শেষ হৈছিল । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেলৰ মেক্ৰোনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে গোটেই বাটত গান গাই আহিছিল – 

We are here !

Even if Macron doesn't want it,

Here we are!

For the honor of the workers

And for a better world,

Even if Macron does not want it,

We are here!

(ফাৰাচী On est là, même si Macron ne veut pas ৰ পৰা অনুবাদ)

ফ্ৰান্সত খুবেই জনপ্ৰিয় হোৱা এই মেক্ৰোন বিৰোধী প্ৰতিবাদী গানটোৰ সুৰ এই লেখা লিখি থকা মুহূৰ্তত বৰকৈ মনত পৰিছে । এই গানটো শুনি শুনি সিদিনাখন যেতিয়া বিপ্লৱৰ পীঠস্থান পেৰিছৰ বাটেৰে আগবাঢ়ি গৈ আছিলোঁ, গোটেই বাটচোৱা মোৰ বাৰে বাৰে মনত পৰিছিল ১৭৮৯ ৰ বেষ্টিল দুৰ্গ পতনৰ কথা য’ত পেৰিছৰ প্ৰতিবাদী জনতাই বেষ্টিল দুৰ্গ ভাঙি ধাৰাশায়ী কৰিছিল, মনত পৰিছিল ১৮৩০ ৰ জুলাই বিপ্লৱৰ কথা যেতিয়া পেৰিছৰ জনগণে ৰাজপ্ৰসাদৰ বগা পাতাকাক অস্বীকাৰ কৰি বিপ্লৱৰ ত্ৰিৰংগ পতাকা উৰুৱাই গৌৰৱান্বিত তিনিদিনিয়া (Glorious Three Days) বিদ্ৰোহ পালন কৰিছিল আৰু মনত পৰিছিল ১৮৪৮ ৰ গৌৰৱোজ্জল ফৰাচী বিপ্লৱৰ কথা মনত পৰিছিল ১৮৮৬ ৰ ৪ মে’ত আমেৰিকাৰ চিকাগো চহৰৰ হে’মাৰ্কেট স্কোৱেৰত শ্ৰমিক সকলে দিনত আঠ ঘন্টা শ্ৰমৰ দাবীত কৰা প্ৰতিবাদৰ কথা । 

এনেকৈয়ে সিদিনা পেৰিছত উদযাপন কৰিছিলোঁ আন্তৰাষ্ট্ৰীয় মে’ দিৱস।   

Thursday, May 21, 2020

প্ৰথম মে’ৰ দিনাখন পেৰিছত


প্ৰথম মে’ৰ দিনাখন পেৰিছত, ‘আমাৰ অসম’, ২২/০৫/২০২০ Amar Asom

Thursday, December 26, 2019

Paris: Kissing the Grave of Simone de Beauvoire & Jean Paul Sartre at Montparnasse Cemetery


PARIS (AP): Simone de Beauvoir, philosopher, author and feminist, was buried Saturday in the Montparnasse Cemetery, her body placed in the same tomb as Jean-Paul Sartre, her companion for 50 years. 

About 2,000 people paid homage to Miss de Beauvoir, who died Monday at the age of 78. The burial followed a funeral procession, led by women, from the Cohin Hospital where she died. 

The women sang ″Debout Femmes Esclaves″ - ″On Your Feet Women Slaves.″ 

At the cemetery, film director Claude Lanzmann read the eulogy, and said that although Miss de Beauvoir will rest eternally beside Sartre, the existentialist philosopher, she once said, ″My death will not reunite us.″ Sartre died six years ago. 

American feminist Kate Millet, who was among the mourners, said, ″I feel the death of Simone de Beauvoir very strongly ... but I feel it as so many women who never knew her feel it too." 

Miss Millet, a friend of Miss de Beauvoir for 16 years, said, ″This is an opportunity to honor a great woman ... she contributed so greatly to our freedom." (April 20, 1986) 



Rome: Inside the Collosseum


Inside the Collosseum






নিকোলাছ ৰ'ৰিখ (Nicholas Roerich) ৰ এখনি ছবি ।। Urusvati, Himachal Pradesh: আবিদ আজাদ

নিকোলাছ ৰ'ৰিকৰ এখনি ছবি আৰু দেৱকান্ত বৰুৱাৰ কবিতাৰ “কিন্তু দুৱাৰ মুকলি ক'ত” সন্দৰ্ভত: (প্ৰসঙ্গ: হোমেন বৰগোহাঞিৰ “কিন্তু দুৱাৰ...